বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিশেষ সাধাৰণ সভা সম্পন্নঃ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ
আজি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিশেষ সাধাৰণ সভা সম্পন্ন হয়।
10 May 2026 22:39 IST
/asomiyapratidin/media/media_files/2026/05/10/vdfsdfsds-2026-05-10-22-30-29.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আজি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিশেষ সাধাৰণ সভা সম্পন্ন হয়।“বটদ্ৰৱা মূলৰ ঘোষা, বৰগীত, নৃত্যবাদ্য আদি সাংস্কৃতিক উপাদানসমূহ শুদ্ধ ৰূপত সংৰক্ষণ, সেই সমূহৰ চৰ্চা আৰু প্ৰচাৰ প্ৰসাৰৰ অৰ্থে সংস্কৃতি চর্চা উপ-সমিতি গঠন”, “অসমীয়া ভাওনাৰ পাণ্ডুলিপি সংগ্রহ”, “দেশী-বিদেশী পৰ্যটকৰ বাবে ইংৰাজী ভাষাত শ্ৰীমন্ত শঙ্কৰদেৱ আৰু বটদ্ৰৱা থান বিষয়ক গ্রন্থ প্রস্তুত”,” পিৰিকা ফুলকে আদি কৰি বটদ্ৰৱা থানৰ ঐতিহ্যৰ লগত সংপৃক্ত গছ ৰোপণ আৰু সংৰক্ষণ কৰি বনানিকৰণৰ ব্যৱস্থা, প্লাষ্টিক, পলিথিন আদি ব্যৱহাৰ কমাই, পৰিস্কাৰ পৰিচন্নতাক গুৰুত্ব প্ৰদান কৰি সেউজীয়া বটদ্ৰৱা থান চৌহদ নিৰ্মাণ” আদি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ এই সভাত গ্ৰহণ কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/05/10/whatsapp-image-2026-05-10-at-2026-05-10-22-30-59.jpeg)
উল্লেখ্য যে, বহু বাক বিতণ্ডাৰ অন্তত উচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি, নগাঁও জিলা আয়ুক্তৰ তত্বাৱধানত বটদ্ৰৱা থান পৰিচালনাৰ বাবে যোৱা ২ নবেম্বৰত নতুনকৈ বটদ্ৰৱা থান পৰিচালনা সমিতি গঠন কৰা হৈছিল। উক্ত ২ নৱেম্বৰত অনুষ্ঠিত হোৱা সাধাৰণ সভাৰ প্ৰস্তাৱ আৰু বটদ্ৰৱা থান পৰিচালনা সমিতিৰ নিয়মাৱলীৰ ৩(গ) আৰু ৩(ঘ) অনুচ্ছেদৰ ব্যৱস্থা অনুযায়ী আজি এই বিশেষ সাধাৰণ সভা আহ্বান কৰা হৈছিল। বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ আই খেৰসুতি সাংস্কৃতিক মঞ্চত অনুষ্ঠিত সভাৰ, আৰম্ভণি বৰগীত পৰিৱেশন কৰে সহকাৰী সম্পাদক সন্দীপ কলিতা আৰু বাদ্য সংগত কৰে উজ্বল জ্যোতি দেৱ গোস্বামী, মুনীন্দ্ৰ ভূঞা আৰু দিব্যজ্যোতি বৰুৱাই। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামীয়ে সভাপতিৰ আসন গ্রহণ কৰাৰ পাছত আদৰণি পৰ্ব, শোক প্রস্তাৱ গ্ৰহণ, সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰন সম্পাদক লাচিত বৰদলৈয়ে।
পাছত সাধাৰণ সম্পাদক বৰদলৈয়ে বিগত সাধাৰণ সভাৰ কাৰ্যবিৱৰণী পাঠ আৰু সম্পাদকীয় প্রতিবেদন পাঠ কৰাৰ অন্তত সভাই গ্রহণ কৰে। পৰবৰ্তী সময়ত ধন ভৰালী বদন কলিতাই বিগত ছমহীয়া হিচাপ দাখিল আৰু ২০২৬-২০২৭ বৰ্ষৰ বাজেট উত্থাপন কৰাৰ পাছত সভাই আলোচনা কৰি গ্রহণ কৰে। আহাৰ বিৰতিৰ পাছত বিগত ২ নৱেম্বৰৰ সাধাৰণ সভাই গঠন কৰি দিয়া বিত্তীয় অনিয়ম তদন্ত সমিতিৰ প্ৰতিবেদনৰ ওপৰত আলোচনা হয়।
আলোচনাৰ শেষত বিত্তীয় অনিয়ম তদন্ত সমিতিৰ কাৰ্যকাল বৃদ্ধি কৰি, জিলা আয়ুক্তৰ হাতত প্ৰতিবেদন অৰ্পন কৰি, আয়ুক্তৰ দ্বাৰা প্ৰতিবেদন সাধাৰণ সভালৈ অনাৰ পোষকতা কৰে। পৰবৰ্তী সময়ত নিয়মাৱলী সংশোধন সমিতিৰো কাৰ্যকাল বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সমজুৱাৰ একাষাৰ, প্ৰস্তাৱ পাঠ আৰু গ্ৰহণ, সভাপতিৰ বক্তব্যৰ পাছত শলাগৰ শৰাই আগবঢ়াই সহকাৰী সম্পাদক প্ৰাঞ্জল হাজৰিকাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/05/10/whatsapp-image-2026-05-10-2026-05-10-22-31-22.jpeg)
শেষত কাৰ্যকৰী সভাপতি গোবিন চন্দ্ৰ দাসে পৰিবেশন কৰা ঘোষাৰে সভাৰ সামৰণি মৰা হয়। উল্লেখ্য যে বহু ব্যস্ততাৰ মাজতো সভাখনৰ প্ৰাৰম্ভিক সময়খিনিত উপস্থিত থাকে প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী, নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা। আয়ুক্ত দেৱাশীষ শৰ্মাই “বটদ্ৰৱা থানখনৰ উন্নয়নৰ বাবে সমবেত সুধী সমাজক, গঠনমূলক আৰু দীৰ্ঘম্যাদী আলোচনাৰে প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ আহ্বান জনাই।” লগতে প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়েও “সেৱা থলীৰ ৰাইজক সেৱা নিবেদন কৰি, মহাপুৰুষ শ্ৰীমন্ত পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানখনৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনি সমূহৰ প্ৰশংসা কৰি, এয়া আৰম্ভণিহে পৰবৰ্তী কালত আৰু বহু আঁচনি গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে।”
WHAT TO SEE